তুমি মোৰ দুখৰ ঋতুৰ সুখৰ মৰিচীকা

তুমি নথকা বাবে
সময়বোৰ নাযায় নোপোৱাই
তিনিশ পইশষ্ঠি দিনৰ
প্ৰতিটো পুৱা ,আবেলি 
আৰু কলানিশাবোৰত
এতিয়া মাথো নিগৰি আহে চকুপানী
এতিয়া 'তুমি মোৰ দুখৰ ঋতুৰ সুখৰ মৰিচীকা '
মোৰ জীৱনলৈ আহিলা
আনিলা কিছু ভালপোৱা
গুচি গলা এজাক ধুমুহা হৈ
তচনচ কৰি থৈ
বহুত ৰঙীন গাথা

Comments

Popular posts from this blog

মোৰ পদূলিত জোনাক নামিছিল

এজাক বৰষুণৰ সৈতে এটি বিষণ্ণ আবেলি

মৃত্যু