তুমি যিদিনা আঁতৰি গৈছিলা

এৰি থৈ গৈছিলা তুমি মোক যিদিনা অন্তৰত বাজিছিল বিষাদৰ বীন মোৰ সিদিনা, কান্দিছিলো সিদিনা মই হিয়া ঢাকুৰি সমনীয়াই দিছিল সান্ত্বনা মোক বুকু উজাৰি । পাৰ হৈ গৈছিল একেলগে আমাৰ পাঁচোটি বসন্ত সেইয়েহে মন মোৰ আজিও অশান্ত, নাভাবো বুলিলেও স্মৃতিবোৰ আহি থাকে মনত এৰি গুচি যাম ঘৰ-বাৰী কেতিয়াবা কিবা খঙত । মৰিয়ে থাকিব লাগিছিল জানা মই সিদিনা যিদিনা তুমি মোক দিছিলা এবুকু যাতনা, ভাবিব নোৱাৰো জানা মই আনৰ কথা কাৰণ তোমাতে আছিলে মোৰ সকলো আশা । ফুল হৈ ফুলি মোৰ হিয়াত সুৱাস বিলাইছিলা আঁতৰি থাকি এতিয়া কাঁইট হৈ বিন্ধিলা, সুখৰ ৰাতিবোৰ জানা দুখৰ হৈ গ'ল তুমি দিয়া প্ৰতিশ্ৰুতিবোৰো জহি-খহি গ'ল । ফেচবুকত ষ্টেটাচ দিও ভাল নালাগে নাজানো কিয় বা, তুমি অনলাইন নাথাকিলে...
আচলতে তুমি মোক ব্লকেই কৰিলা গম পালো সিদিনা যিদিনা তুমি মোক এৰিলা । হ'ব দিয়া পাৰিম মই থাকিব অকলে যদিওবা কান্দিম মই নিৰৱে-গোপনে... । ණ সঞ্জীৱ গগৈ

Comments

Popular posts from this blog

এজাক বৰষুণৰ সৈতে এটি বিষণ্ণ আবেলি

মোৰ পদূলিত জোনাক নামিছিল

মৃত্যু