Posts

মোৰ পদূলিত জোনাক নামিছিল

Image
পাহৰিছো সেইসময় মোৰ পদূলিত জোনাক নামিছিল খিৰিকীৰে জুমি চাইছিলো লিখিছিলো ভাল লগা কবিতা সেউজী দুৱৰীত নিয়ৰে চুমা দিয়াৰ সময়ত সন্তপণে মোৰ মনত স্থিতি লৈছিল এখন আশাৰ ছবি সেউজ হৈ পৰিছিল উদং পথাৰ নি:শব্দে নীৰলে মাজৰাতি চাইছিলো তৰাভৰা আকাশ উটি গৈছিলো কল্পনা সাগৰত সাঁজিছিলো জোনবাইৰ দেশত ঘৰ গাইছিলো প্ৰেমৰ গান শব্দবোৰ কমি গৈছিল বুজাবলৈ অনুভূতি পাৰ কৰিছিলো বিষাদ বিহীন এটি এটি ৰাতি হঠাৎ আকাশখন গোমা নাই জোনাক নাই তৰা এতিয়া মোৰ পদূলিত জোনাক নামামে সেউজীয়াবোৰ মৰহী গ'ল থমকি ৰ'ল কলম সুখৰ পোছাকযোৰ খুলি পিন্ধিলো দুখৰ বনিয়ন লিখিলো একলম হিয়া উজাৰি বিষাদ অৰণ্যৰ কোনোবা নিজনতাত বহি তোমালৈবুলি সঞ্জীৱ গগৈ

মৃত্যু

Image
 জীৱনৰ চৰম সত্য 'মৃত্যু' বাস্তৱৰ কোলাহলৰ পৰা বিচ্ছিন্ন কৰে এটি আত্মাক মৃত্যুৰ গভীৰ প্ৰশান্ততাই মাটিৰ লগত মিলি যাব ছাঁই হৈ উৰি যাব থাকি যাব শ্মশানৰ  কোনোবা একাষত নাইবা বাৰীৰ চুকত জ্বলি জ্বলি ভাগৰি পৰা কাঠৰ কেইটুকুৰা মান খৰি | ණ সঞ্জীৱ গগৈ

এজাক বৰষুণৰ সৈতে এটি বিষণ্ণ আবেলি

Image
                     তোমাৰ ষ্প্‌শ পাবলৈ  অধীৰ আগ্ৰ্হেৰে ৰৈ আছো তুমি আহিবা বুলিয়ে অনুভূতিবোৰ প্ৰবল হৈছে হিদয়খ্ন ভৰি পৰিছে শুনিবলৈ পাইছো অপৰুপ স্ংগীতৰ সুৰ ‘তুমি আহিলে মোৰ সমস্ত পৃথীৱিত তীব্ৰ জোকাৰণি উঠে শব্দ হেৰাই হেৰাই অভিমান মাথো জাগি উঠে অনুৰাগ তোমাৰ বাবে’ তুমি আহিবা মই জানো আনিবা কিছু সপোন, ভালপোৱা আৰু আনিবা কিছু যুক্তি তুমি মোক কবা যে-‘জান তুমি সলনি হৈছা!!’ মইওতো ক’ব পাৰো ‘তুমিওতো সলনি হৈছা আৰু সলনি কৰিছা সম্পকবোৰক!!’ জান বৰষুণ আহিব এতিয়া দুইতাই তিতিম হা গান গাম ,চিঁঞৰি চিঁঞৰি প্ৰ্কাশ কৰিম ভালপোৱা ‘তোমাৰ লগত থকা কাৰণে বৰষুণ জাক ভাল লাগিছেনে বৰষুণজাক দিয়াত কাষত তোমাক পায় ভাল লাগিছে ?? আহ: মই নাজানো এতিয় সমস্ত জীৱনৰ বাবে তুমি মাথো এক উপলব্ধি মাথো মোৰ গতানুগতিক জীৱনৰ পৰৰ্ৱতক নহয় তুমি মোৰ ভালপোৱাৰ আলাপৰ তুমি উৎস হ’ব পাৰা কিন্ত স্ংগী নহয়    কিছু কথা পাতিম গোপনে চুব খুজিও থমকি ৰ’ম নীৰৱে উচুপি কথা পাতিম এজাক বৰষুণৰ সৈতে বিষণ্ণ আবেলিত এবুকু ভালপোৱাৰে

এবুকু অনুভৱ

Image
শীতকালৰ এটি  সেমেকা আবেলি তুমি আহিছিলা এজাক শান্ত সমীৰণ হৈ  মোৰ বুকুৰ নীৰৱ কোঠালৈ পানীৰ সোতঁৰ দৰে  তুমি আহিলা আৰু গলা  থৈ গলা এক অবুজ শিহৰণ  শিহৰিত হয় মন মোৰ  তোমাৰ অনুভূতিৰে  তোমাৰ চিনাকি চিনাকি লগা  বেদনা ভৰা  সৌম্য মুখখনিত  লাগি ৰয় মোৰ হিয়া

A BEAUTIFUL WAY OF LOOKING AT THINGS.

A Father was reading a magazine and his little daughter every now and then distracted him. To keep her busy, he tore one page on which was printed the map of the world. He tore it into pieces and asked her to go to her room and put them together to make the map again.He was sure she would take the whole day to get it done. But the little one came back within minutes with perfect map……When he asked how she could do it so quickly, she said, “Oh…. Dad, there is a man’s face on the other side of the paper….. I made the face perfect to get the map right." She ran outside to play leaving the father surprised.MORAL OF THE STORY:There is always the other side to whatever you experience in this world. Whenever we come across a challenge or a puzzling situation, look at the other side…. You will be surprised to see an easy way to tackle the problem. #collected

তুমি যিদিনা আঁতৰি গৈছিলা

Image
এৰি থৈ গৈছিলা তুমি মোক যিদিনা অন্তৰত বাজিছিল বিষাদৰ বীন মোৰ সিদিনা, কান্দিছিলো সিদিনা মই হিয়া ঢাকুৰি সমনীয়াই দিছিল সান্ত্বনা মোক বুকু উজাৰি । পাৰ হৈ গৈছিল একেলগে আমাৰ পাঁচোটি বসন্ত সেইয়েহে মন মোৰ আজিও অশান্ত, নাভাবো বুলিলেও স্মৃতিবোৰ আহি থাকে মনত এৰি গুচি যাম ঘৰ-বাৰী কেতিয়াবা কিবা খঙত । মৰিয়ে থাকিব লাগিছিল জানা মই সিদিনা যিদিনা তুমি মোক দিছিলা এবুকু যাতনা, ভাবিব নোৱাৰো জানা মই আনৰ কথা কাৰণ তোমাতে আছিলে মোৰ সকলো আশা । ফুল হৈ ফুলি মোৰ হিয়াত সুৱাস বিলাইছিলা আঁতৰি থাকি এতিয়া কাঁইট হৈ বিন্ধিলা, সুখৰ ৰাতিবোৰ জানা দুখৰ হৈ গ'ল তুমি দিয়া প্ৰতিশ্ৰুতিবোৰো জহি-খহি গ'ল । ফেচবুকত ষ্টেটাচ দিও ভাল নালাগে নাজানো কিয় বা, তুমি অনলাইন নাথাকিলে... আচলতে তুমি মোক ব্লকেই কৰিলা গম পালো সিদিনা যিদিনা তুমি মোক এৰিলা । হ'ব দিয়া পাৰিম মই থাকিব অকলে যদিওবা কান্দিম মই নিৰৱে-গোপনে... । ණ সঞ্জীৱ গগৈ

তুমি মোৰ দুখৰ ঋতুৰ সুখৰ মৰিচীকা

Image
তুমি নথকা বাবে সময়বোৰ নাযায় নোপোৱাই তিনিশ পইশষ্ঠি দিনৰ প্ৰতিটো পুৱা ,আবেলি  আৰু কলানিশাবোৰত এতিয়া মাথো নিগৰি আহে চকুপানী এতিয়া 'তুমি মোৰ দুখৰ ঋতুৰ সুখৰ মৰিচীকা ' মোৰ জীৱনলৈ আহিলা আনিলা কিছু ভালপোৱা গুচি গলা এজাক ধুমুহা হৈ তচনচ কৰি থৈ বহুত ৰঙীন গাথা