Posts

Showing posts from June, 2017

মোৰ পদূলিত জোনাক নামিছিল

Image
পাহৰিছো সেইসময় মোৰ পদূলিত জোনাক নামিছিল খিৰিকীৰে জুমি চাইছিলো লিখিছিলো ভাল লগা কবিতা সেউজী দুৱৰীত নিয়ৰে চুমা দিয়াৰ সময়ত সন্তপণে মোৰ মনত স্থিতি লৈছিল এখন আশাৰ ছবি সেউজ হৈ পৰিছিল উদং পথাৰ নি:শব্দে নীৰলে মাজৰাতি চাইছিলো তৰাভৰা আকাশ উটি গৈছিলো কল্পনা সাগৰত সাঁজিছিলো জোনবাইৰ দেশত ঘৰ গাইছিলো প্ৰেমৰ গান শব্দবোৰ কমি গৈছিল বুজাবলৈ অনুভূতি পাৰ কৰিছিলো বিষাদ বিহীন এটি এটি ৰাতি হঠাৎ আকাশখন গোমা নাই জোনাক নাই তৰা এতিয়া মোৰ পদূলিত জোনাক নামামে সেউজীয়াবোৰ মৰহী গ'ল থমকি ৰ'ল কলম সুখৰ পোছাকযোৰ খুলি পিন্ধিলো দুখৰ বনিয়ন লিখিলো একলম হিয়া উজাৰি বিষাদ অৰণ্যৰ কোনোবা নিজনতাত বহি তোমালৈবুলি সঞ্জীৱ গগৈ